April 12, 2025 8:47 PM

views 15

মহানগৰীৰ পথত সমদল, মাৰাথন, ৱাকাথন, দৌৰ প্ৰতিযোগিতাত নিষেধাজ্ঞা মহানগৰ আৰক্ষীৰ

মহানগৰ আৰক্ষীয়ে এটা নিৰ্দেশনাযোগে এতিয়াৰে পৰা মহানগৰীৰ পথত সমদল, মাৰাথন, ৱাকাথন, দৌৰ প্ৰতিযোগিতা আদি পতাত বাধা আৰোপ কৰিছে। মহানগৰীৰ যান-জঁট নিয়ন্ত্ৰণ আৰু যান-বাহনৰ চলাচল সুচল কৰিবলৈ এই বাধা আৰোপ কৰা হৈছে। নিৰ্দেশনা উলংঘন কৰি ৰাজপথত সমদল, শোভাযাত্ৰা উলিওৱা বা দৌৰ প্ৰতিযোগিতা আয়োজন কৰা লোকৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতা ২০২৩ৰ অধীনত ২২৩ ধাৰাত গোচৰ ৰুজু কৰা হ'ব।