August 6, 2024 1:42 PM August 6, 2024 1:42 PM

views 17

কালি বিয়লি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰীৰ জনজীৱন প্ৰায় স্তব্ধ

গুৱাহাটীত কালি বিয়লি হোৱা ধাৰাসাৰ বৰষুণৰ ফলত মহানগৰীখনত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। প্রায় দুঘণ্টাৰ বৰষুণত মহানগৰীৰ জনজীৱন প্ৰায় স্তব্ধ হৈ পৰে। বিভিন্ন অঞ্চল একাঁঠুৰ পৰা এবুকু পর্যন্ত বানত বুৰ যোৱাত জনসাধাৰণৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। মূল পথৰ উপৰি অধিকাংশ উপপথ, দোকান-পোহাৰ, বিভিন্ন চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান, আবাসগৃহ পানীত বুৰ যায়। যাৰবাবে মহানগৰীৰ অধিকাংশ স্থানত তীব্র যানজটৰ সৃষ্টি হয়। নিশা বহু দেৰিলৈকে বিভিন্ন স্থানত আবদ্ধ হৈ থাকিব লগীয়া হয় জনসাধাৰণ। বিদ্যালয়-মহাবিদ্যালয়...