July 23, 2025 8:50 PM

views 44

গুৱাহাটী ৰে’ল ষ্টেছনক দেশৰ প্রথম প্লাষ্টিকমুক্ত ৰে’ল ষ্টেছন হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে বৈঠক অনুষ্ঠিত

গুৱাহাটী ৰে'ল ষ্টেছনটো দেশৰ প্রথম প্লাষ্টিকমুক্ত ৰে'ল ষ্টেছন হিচাপে গঢ়ি তোলাৰ বাবে আলোচনা কৰাৰ উদ্দেশ্যে আজি এখন বৈঠক অনুষ্ঠিত হয়। উত্তৰ-পূৱ সীমান্ত ৰে'লৱে অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ বিষয়াবৰ্গ আৰু ৰঙিয়াৰ পৰিষদৰ অনুমোদিত পুনৰ ব্যৱহাৰযোগ্যকৰণ সংস্থাৰ প্ৰতিনিধিবর্গৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হয়। বৈঠককখনত ৰে'ল ষ্টেছন আৰু ইয়াৰ পৰিসৰৰ পৰা সংগ্ৰহ কৰা প্লাষ্টিক আৱৰ্জনা উপযুক্তভাৱে পৃথকীকৰণ, টুকুৰা-টুকুৰ কৰা, পৰিষ্কাৰকৈ ধোৱা আৰু পুনৰ ব্যৱহাৰৰ কৌশলসমূহৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত বৰ্তম...

July 2, 2025 2:13 PM

views 21

পঞ্জীয়ন অবিহনে ৰে’লৰ ই-টিকট বিক্ৰীৰ অভিযোগত অৰুণ কুমাৰ ঠাকুৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ

ৰে’ল সুৰক্ষা বাহিনীয়ে পঞ্জীয়ন অবিহনে ৰে'লৰ ই-টিকট বিক্ৰী কৰাৰ অভিযোগত অৰুণ কুমাৰ ঠাকুৰ নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে। একাংশ যাত্ৰীৰ অভিযোগৰ ভিত্তিত ৰে'ল আৰক্ষীয়ে চানমাৰিৰ গান্ধীবস্তিত অভিযান চলাই লোকজনক গ্ৰেপ্তাৰ কৰে। ৰে'ল আৰক্ষীৰ তদন্তত ইতিমধ্যে অভিযুক্তজনে দীর্ঘদিন ধৰি ৰে'লৰ ই-টিকট অবৈধভাৱে প্ৰস্তুত কৰাটো ধৰা পৰিছে।

April 26, 2025 7:19 PM

views 31

যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ গুৱাহাটী ৰে’ল ষ্টেচনত এ আই চালিত চিচি কেমেৰা সংস্থাপন

উত্তৰ-পূব সীমান্ত ৰে'লৱেই যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী ৰে’ল ষ্টেচনত এ আই চালিত চিচি কেমেৰা সংস্থাপন কৰিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়াই জনোৱা অনুসৰি গুৱাহাটীৰ ৰে'ল ষ্টেচনত ১৩৪টা এ আই চালিত কেমেৰা প্ৰতিটো প্লেটফৰ্ম, জিৰণিকক্ষৰ লগতে ষ্টেচনটোৰ গুৰুত্বপূৰ্ণ স্থানত সংস্থাপন কৰা হৈছে। একেদৰে গুৱাহাটী ৰেল ষ্টেচনটোৰ ২০টা স্থানত পেনিক বুটাম লগোৱা হৈছে। এক কোটি ৩০ লাখ টকা ব্যয় সাপেক্ষে এই ব্যৱস্থা কৰা হৈছে বুলি জনসম্পৰ্কৰক্ষী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগত...

January 29, 2025 12:51 PM

views 29

গুৱাহাটী ৰে’ল সুৰক্ষা বাহিনীৰ অভিযানত ৫২টি শিশুক উদ্ধাৰ

গুৱাহাটী ৰে'ল সুৰক্ষা বাহিনীয়ে যোৱা বছৰটোত অভিযান চলাই ৫২টি শিশুক সৰবৰাহকাৰীৰ কবলৰ পৰা ৰক্ষা কৰাৰ উপৰি তেওঁলোকক অভিভাৱক নাইবা স্বেচ্ছাসেৱী সংস্থাক গতাই দিছে। উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ সূত্ৰই এই বিষয়ে প্ৰকাশ কৰে। যোৱা বছৰটোত বাহিনীটোৱে আঢ়ৈ কোটি টকাৰো অধিক মূল্যৰ মাদক দ্ৰৱ্য ৰেল ষ্টেচন পৰিসৰ আৰু ৰে'লৰ পৰা উদ্ধাৰ কৰাৰ লগতে মাদক দ্ৰৱ্য সৰবৰাহৰ অভিযোগত ২৪ জন লোকক গ্ৰেপ্তাৰ কৰে। বিগত বছৰটোত বাহিনীটোৱে ৰে'ল যাত্ৰীৰ সা-সামগ্ৰী চুৰি সন্দৰ্ভত ৰুজু কৰা ৭৩টা গোচৰৰ অনুসন্ধান চলাই ১২ লাখ ৪৭ হাজাৰ টকা মূল্য...