August 24, 2025 8:36 PM

views 14

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত পাণবজাৰৰ জি এ ডি ভৱনলৈ স্থানান্তৰৰ বিৰোধিতাৰে গুৱাহাটী উকিল সন্থাৰ প্রতিবাদ

কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত পাণবজাৰৰ জি এ ডি ভৱনলৈ স্থানান্তৰৰ বিৰোধিতা কৰি আজি গুৱাহাটী উকিল সন্থাই প্রতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰে। সন্থাৰ সদস্যসকলে অস্থায়ীভাৱে আদালত চৌহদ স্থানান্তৰ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ চৰকাৰক দাবী জনায়। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে ২৬ আগষ্টত মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালত জি এ ডি ভনৱলৈ অস্থায়ীভাৱে স্থানান্তৰৰ সিদ্ধান্ত লৈছে। কিন্তু নতুন স্থানত অধিবক্তা তথা গোচৰীয়াৰ বাবে পৰ্যাপ্ত সা-সুবিধা নাই বুলি উকিল সন্থাই এই স্থানান্তৰৰ বিৰোধিতা কৰিছে।