August 26, 2024 8:57 PM
20
প্ৰেছ ইনফৰমেচন ব্যুৰ’ আৰু এইমছ গুৱাহাটীৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত স্বাস্থ্য পৰীক্ষা শিবিৰ
প্ৰেছ ইনফৰমেচন ব্যুৰ’ আৰু এইমছ গুৱাহাটীৰ উদ্যোগত আজি সাংবাদিকসকলৰ বাবে স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। গুৱাহাটী প্ৰেছ ক্লাবত দিনৰ ১১ বজাৰ পৰা এই স্বাস্থ্য শিবিৰ অনুষ্ঠিত হয়। স্বাস্থ্য শিবিৰত ভালেকেইগৰাকী চিকিৎসা বিশেষজ্ঞই সংবাদ মাধ্যমৰ সৈতে জড়িত লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰে। এই শিবিৰত চকু, দাঁত, ৰক্তচাপ, মধুমেহ আদি পৰীক্ষা কৰাৰ লগতে প্ৰয়োজনীয় দৰৱ-পাতিও যোগান ধৰা হয়।