April 28, 2025 8:18 PM

views 13

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ সামৰণি, শীৰ্ষ স্থানত প্ৰাগ নিউজৰ জ্ঞানৰঞ্জন বৰা

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত ৰাধা গোবিন্দ বৰুৱা ক্রীড়া প্ৰকল্পত আয়োজিত বেডমিণ্টন চেম্পিয়নশ্বিপৰ আজি সামৰণি পৰে। প্ৰতিযোগিতাৰ পুৰুষৰ শাখাত প্ৰাগ নিউজৰ জ্ঞানৰঞ্জন বৰাই শীর্ষ স্থান দখল কৰে। আছাম ট্ৰিবিউনৰ শিৱাশিষ ঠাকুৰে দ্বিতীয় স্থান দখল কৰিবলৈ সমৰ্থ হয়। প্ৰাগ নিউজৰ ৰঞ্জিত ৰায়ে তৃতীয় স্থান লাভ কৰে। মহিলা শাখাত এন ই ভাৰত ২৪-ৰ হেনা দেই শীর্ষ স্থান দখল কৰে আৰু প্ৰাগ নিউজৰ সুজাতা গৌতমে দ্বিতীয় স্থান লাভ কৰে। আছাম টক্‌ছৰ বৰ্ণালী শ‍ইকীয়াই তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হয়।