September 25, 2024 12:39 PM

views 17

গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত ২৭ ছেপ্টেম্বৰত প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ কণ্ঠত গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ প্ৰথম অসমীয়া গীতৰ শতবার্ষিকী অনুষ্ঠান

আধুনিক অসমীয়া সংগীতক অনন্য মাত্ৰা প্ৰদান কৰা প্ৰয়াত প্ৰফুল্ল চন্দ্ৰ বৰুৱাৰ কণ্ঠত গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ হোৱা প্ৰথম অসমীয়া গীতৰ শতবার্ষিকী অনুষ্ঠান অহা ২৭ ছেপ্টেম্বৰৰ বিয়লি গুৱাহাটীৰ দীঘলীপুখুৰীপাৰৰ অসম সাহিত্য সভাৰ লক্ষীৰাম বৰুৱা সদনত অনুষ্ঠিত হ'ব। শতবার্ষিকী উদযাপন সমিতিয়ে সংবাদ মেল সম্বোধন কৰি এই বিষয়ে প্ৰকাশ কৰে। শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ সত্ৰাধিকাৰ পীতাম্বৰ দেৱ গোস্বামীয়ে আনুষ্ঠানিকভাৱে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব। শতবার্ষিকী উপলক্ষে বিশিষ্ট সংগীত শিল্পী লোকনাথ গোস্বামীয়ে মূল ভাষণ দি...