September 5, 2025 8:36 PM

views 37

গুৱাহাটীৰ ফটাশিল আমবাৰীত উন্মুক্ত নলাত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ঠিকাদাৰী প্ৰতিষ্ঠানৰ ৩জন লোকক গ্ৰেপ্তাৰ

গুৱাহাটীৰ ফটাশিল আমবাৰীত উন্মুক্ত নলাত পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত ফটাশিল আৰক্ষীয়ে আজি ঠিকাদাৰী প্ৰতিষ্ঠানৰ তিনিজন লোকক গ্ৰেপ্তাৰ কৰে। নলা নিৰ্মাণৰ সময়ত সুৰক্ষাজনিত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত আৰক্ষীয়ে ভার্তিয়া ইনফ্রা প্রকল্প লিমিটেডৰ সঞ্চালক অবিনাশ ভার্তিয়া, নিৰাপত্তা অভিযন্তা কৌশিক গগৈ আৰু উপ প্ৰকল্প প্ৰৱন্ধক প্ৰসন্ন জিৎ পাঠকক গ্ৰেপ্তাৰ কৰে। এই ঘটনা সংক্রান্তত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৰ আৰু অধিক লোক গ্ৰেপ্তাৰৰ সম্ভাৱনা আছে বুলি আৰক্ষীয়ে জনাইছে। উল্লেখযোগ্য যে মৃত শিশুটিৰ পিতৃ...

July 23, 2025 8:50 PM

views 32

গুৱাহাটী ৰে’ল ষ্টেছনক দেশৰ প্রথম প্লাষ্টিকমুক্ত ৰে’ল ষ্টেছন হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে বৈঠক অনুষ্ঠিত

গুৱাহাটী ৰে'ল ষ্টেছনটো দেশৰ প্রথম প্লাষ্টিকমুক্ত ৰে'ল ষ্টেছন হিচাপে গঢ়ি তোলাৰ বাবে আলোচনা কৰাৰ উদ্দেশ্যে আজি এখন বৈঠক অনুষ্ঠিত হয়। উত্তৰ-পূৱ সীমান্ত ৰে'লৱে অসম ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্রণ পৰিষদৰ বিষয়াবৰ্গ আৰু ৰঙিয়াৰ পৰিষদৰ অনুমোদিত পুনৰ ব্যৱহাৰযোগ্যকৰণ সংস্থাৰ প্ৰতিনিধিবর্গৰ উপস্থিতিত এই বৈঠক অনুষ্ঠিত হয়। বৈঠককখনত ৰে'ল ষ্টেছন আৰু ইয়াৰ পৰিসৰৰ পৰা সংগ্ৰহ কৰা প্লাষ্টিক আৱৰ্জনা উপযুক্তভাৱে পৃথকীকৰণ, টুকুৰা-টুকুৰ কৰা, পৰিষ্কাৰকৈ ধোৱা আৰু পুনৰ ব্যৱহাৰৰ কৌশলসমূহৰ বিষয়ে আলোচনা কৰা হয়। বৈঠকত বৰ্তম...

July 5, 2025 12:35 PM

views 42

অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থবর্ষ ২০২৫ ফেলোশ্বিপ আৰম্ভ

■ অসম প্ৰকাশন পৰিষদে ৰাজ্যৰ সাহিত্য আৰু বৌদ্ধিক ক্ষেত্ৰৰ প্ৰসাৰ তথা প্ৰচাৰৰ উদ্দেশ্যে গ্ৰন্থবর্ষ ২০২৫ ফেলোশ্বিপ আৰম্ভ কৰিছে। অসমীয়া, বাংলা, বড়ো আৰু ৰাজ্যৰ আদিবাসী ভাষাসমূহৰ বচা বচা ২২টা বিষয়ত পাণ্ডুলিপি প্রস্তুত কৰিবলৈ লেখকসকলে এই জলপানিৰ বাবে আবেদন কৰিব পাৰিব। আবেদনৰ অন্তিম তাৰিখ অহা ৩১ জুলাই ধাৰ্য কৰা হৈছে। বচা বচা লেখকসকলক ৫০ৰ পৰা ৭৫ হাজাৰ টকালৈকে আর্থিক অনুদান প্ৰদান কৰা হ'ব।

April 9, 2025 12:55 AM

views 13

খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বানমুক্ত গুৱাহাটী অভিযান সম্পর্কে মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত বৈঠক

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ অধ্যক্ষতাত মঙলবাৰে বিয়লি খানাপাৰাৰ অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত বানমুক্ত গুৱাহাটী অভিযান সম্পর্কে এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত যোৱা কেইটামান সপ্তাহত গুৱাহাটীৰ নলা, নৰ্দমা আৰু নৈসমূহৰ গেড আঁতৰোৱাৰ নিৰীক্ষণৰ বাবে অভিযন্তা, বিষয়া, পাৰিষদ আৰু সমাজকৰ্মীক লৈ গঠিত ২১ খন সমিতিৰ অগ্ৰগতিৰ বিশদ প্রতিবেদন গ্ৰহণ কৰা হয়।

November 6, 2024 10:25 AM

views 19

ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনৰ বৈঠক

■ কেন্দ্রীয় গৃহ সচিব গোবিন্দ মোহনে কালি গুৱাহাটীত অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। কইনাধৰাত অনুষ্ঠিত বৈঠকখনত শ্ৰী মোহনে মুখ্য সচিব ৰবি কোটা আৰু অন্য শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত আলফা, আদিবাসী, কাৰ্বি আৰু ডিমা নেচনেল লিবাৰেছন আৰ্মীৰ সৈতে জড়িত চুক্তিৰ পৰ্যালোচনা চলায়। গৃহ সচিবগৰাকীয়ে লগতে আত্মসমৰ্পণ কৰা বিভিন্ন গোটৰ উগ্ৰপন্থীসকলৰ পুনৰসংস্থাপনৰ সৈতে জড়িত বিভিন্ন বিষয়ৰো পৰ্যালোচনা কৰে। আলফাৰ শান্তি চুক্তিক লৈ সংগঠনটোৰ সভাপতি অৰবিন্দ ৰাজখোৱা আৰু সম্পাদক অনুপ চেতিয়াই গৃহ সচ...

October 12, 2024 7:11 PM

views 31

গুৱাহাটীত ৫৫ খন প্রতিমা বিসর্জন দিয়া হ’ব

আজি শাৰদীয় দুর্গোৎসৱৰ বিজয়া দশমী। ষষ্ঠীত প্ৰতিষ্ঠা কৰা দেৱীৰ আজি দশমী আৰু অপৰাজিতা পূজা সম্পন্ন কৰাৰ পাছত নৱপত্রিকা বিসর্জন প্ৰক্ৰিয়া সম্পন্ন হয়। অৱশ্যে বিভিন্ন স্থানত কাইলৈহে দেৱীৰ মৃণ্ময় প্রতিমা বিসর্জন দিয়া হ’ব। গুৱাহাটী মহানগৰীত আজিৰে পৰা ৩ দিনীয়াকৈ প্ৰতিমা বিসর্জনৰ ব্যৱস্থা কৰা হৈছে। বিসর্জন প্রক্রিয়া নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। বিশেষকৈ বাৰ্ট পথসমূহত যান-জঁটৰ সমস্যা লাঘৱ কৰাৰ বাবে যান বাহন আৰক্ষীয়ে বিহিত ব্যৱস্থা গ্ৰহণ কৰি...

August 19, 2024 8:16 PM

views 27

গুৱাহাটীৰ এটা শ্বপিং ম’লত আকস্মিকভাৱে স্বত্বাধিকাৰীয়ে গ্রাহকসকলক কাৰিকৰী কাৰণত বাহিৰলৈ যাবলৈ দিয়া নিৰ্দেশক লৈ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি

গুৱাহাটীৰ এটা ব্যক্তিগত শ্বপিং ম’লত আজি বিয়লিৰ ভাগত আকস্মিকভাৱে মলটোৰ স্বত্বাধিকাৰীয়ে গ্রাহকসকলক কাৰিকৰী কাৰণত বাহিৰলৈ যাবলৈ নিৰ্দেশ দিয়াক লৈ উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰা হয়। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ স্নিফাৰ ডগৰ সহায়ত অনুসন্ধান আৰম্ভ কৰে যদিও এই বিষয়ে এতিয়ালৈকে কোনো তথ্য প্ৰকাশ কৰা নাই। ইপিনে, এই ঘটনাৰ ফলত অঞ্চলটোত জনসাধাৰণে ভিৰ কৰাৰ বাবে তীব্র যান-জঁটৰ সৃষ্টি হয়।

May 18, 2024 10:13 PM

views 23

একাদশ শ্ৰেণীৰ নামভৰ্তিৰ পৰিপ্ৰেক্ষিতত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ গুৰুত্বপূৰ্ণ জাননী

◊ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে একাদশ শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া চলি থকাৰ পৰিপ্ৰেক্ষিতত এখন গুৰুত্বপূৰ্ণ জাননী জাৰি কৰিছে। এই অনুসাৰে শিক্ষা সংসদে ২০২৪-২৫ শিক্ষাবৰ্ষৰ বাবে একাদশ শ্ৰেণীৰ নামভর্তি প্রক্রিয়া নির্দিষ্ট দৰ্পন পোৰ্টেলৰ যোগেৰে সম্পন্ন কৰিবলৈ শিক্ষাৰ্থী আৰু অভিভাৱকসকলক আহ্বান জনাইছে। উল্লেখযোগ্য যে দর্পন পোৰ্টেলত পঞ্জীয়নভুক্ত নোহোৱা কিছু শিক্ষানুষ্ঠানে নিজাববীয়াকৈ অফলাইন প্ৰক্ৰিয়াৰে শিক্ষাৰ্থীৰ নামভৰ্তি কৰি থকাৰ ঘটনা দৃষ্টিগোচৰ হোৱাৰ পাছতে শিক্ষা সংসদে ছাত্র-ছাত্ৰী আৰু অভিভাৱকসক...

May 18, 2024 10:56 PM

views 26

কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিবেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছেঃ অৰ্জুন ৰাম মেঘৱাল

♦ কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণক নিৰ্দিষ্ট সময়ৰ ভিতৰত ন্যায় প্ৰদানৰ লক্ষ্যৰে ঔপনিবেশিক যুগৰ ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ৰূপান্তৰ সাধন কৰিছে বুলি কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ৰ ৰাজ্যমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে আজি গুৱাহাটীত প্ৰকাশ কৰে। মন্ত্ৰালয়ৰ উদ্যোগত আজিৰে পৰা দুদিনীয়াকৈ আই আই টি গুৱাহাটীত আয়োজিত ফৌজদাৰী ন্যায় ব্যৱস্থাৰ প্ৰশাসনত ভাৰতত প্ৰগতিশীল পথ শীৰ্ষক সন্মিলনত দিয়া ভাষণত তেঁও এইদৰে কয়। তেওঁ লগতে ফৌজদাৰী ন্যায় ব্যৱস্থাৰ ক্ষেত্ৰত প্ৰয়োজনীয় পৰিৱৰ্তনৰ বিষয়ে উল্লেখ কৰি কয় যে, এনে ধ...

May 17, 2024 7:53 PM

views 26

বিশিষ্ট চিন্তাবিদ ড° হীৰেণ গোহাঁইক পৰাগ কুমাৰ দাস সোঁৱৰণি সাংবাদিকতা বঁটা প্ৰদান

গুৱাহাটীত আজি আয়োজিত এটা অনুষ্ঠানত ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ ড° হীৰেণ গোহাঁইক পৰাগ কুমাৰ দাস সোঁৱৰণি সাংবাদিকতা বঁটা প্ৰদান কৰা হয়। পৰাগ কুমাৰ দাসৰ মৃত্যু বার্ষিকী উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এখন সভাত ড° গোহাঁইক এই বঁটা প্ৰদান কৰা হয়। বঁটা প্ৰদান অনুষ্ঠানত প্রবীণ অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্য, গল্পকাৰ অপূৰ্ব কুমাৰ শৰ্মাকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানত মনোৰম গগৈয়ে পৰাগ কুমাৰ দাসৰ জীৱন সন্দৰ্ভত আলোকপাত কৰে।