January 1, 2025 8:55 PM

views 10

গুৱাহাটীত ৩ জানুৱাৰীত ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৩খন নতুন ৰে’লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব

ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৩ জানুৱাৰীত গুৱাহাটীত তিনিখন নতুন ৰে'লগাড়ীৰ যাত্ৰাৰ শুভাৰম্ভ কৰিব। এই ৰে'লগাড়ীকেইখন হৈছে গুৱাহাটী আৰু উত্তৰ লখিমপুৰৰ মাজত চলাচল কৰিবলগীয়া নতুন জন শতাব্দী এক্সপ্ৰেছ, গুৱাহাটী আৰু নিউ বঙাইগাঁৱৰ মাজত চলাচল কৰিবলগীয়া যাত্ৰীবাহী ৰে'লগাড়ী আৰু তিনিচুকীয়া আৰু নাহৰলগুনৰ মাজত চলাচল কৰিবলগীয়া নতুন এক্সপ্ৰেছ ৰে'লগাড়ী। একেদিনাই মন্ত্ৰীগৰাকীয়ে তেতেলীয়াত নিৰ্মাণ কৰা এখন পথ অভাৰব্ৰীজো উদ্বোধন কৰিব। ইলেকট্র’নিক আৰু তথ্য প্ৰযুক্তি বিভাগৰো মন্ত্ৰী বৈষ্ণৱে সেইদিনাই ভার্চুৱেল ব্...