September 2, 2025 7:10 PM September 2, 2025 7:10 PM
3
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতকৰ মৃত্যুৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ আই চি ইউ বেডৰ পৰা পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত চিকিৎসকসহ ৭ জনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ দেৱজিত চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, এই ঘটনা সন্দৰ্ভত হাস্পতালখনৰ শিশু চিকিৎসা বিভাগৰ মুৰববী ডাঃ অনুপমা ডেকা, সহযোগী অধ্যাপক ডাঃ দীপাংকৰ হাজৰিকাক নিলম্বনৰ লগতে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। একেদৰে ষ্টাফ নাৰ্ছ চন্দনা নাথ, পল্পী দেৱী আৰু আই চি ইউ টেকনিচিয়ান ঈশাশজ...