September 2, 2025 7:10 PM

views 12

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ নৱজাতকৰ মৃত্যুৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ নৱজাতকৰ আই চি ইউ বেডৰ পৰা পৰি এটি শিশুৰ মৃত্যু হোৱা ঘটনা সন্দৰ্ভত চিকিৎ‍সকসহ ৭ জনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। চিকিৎসা মহাবিদ্যালয়খনৰ অধীক্ষক ডাঃ দেৱজিত চৌধুৰীয়ে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, এই ঘটনা সন্দৰ্ভত হাস্পতালখনৰ শিশু চিকিৎসা বিভাগৰ মুৰববী ডাঃ অনুপমা ডেকা, সহযোগী অধ্যাপক ডাঃ দীপাংকৰ হাজৰিকাক নিলম্বনৰ লগতে বিভাগীয় কাৰ্যব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ দিয়া হৈছে। একেদৰে ষ্টাফ নাৰ্ছ চন্দনা নাথ, পল্পী দেৱী আৰু আই চি ইউ টেকনিচিয়ান ঈশাশজ...

August 19, 2025 7:01 PM

views 11

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ১১ জন ঠিকাভিত্তিক কৰ্মচাৰীক গ্ৰেপ্তাৰ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৰোগীৰ আত্মীয়ৰ পৰা ধন দাবী কৰা ঘটনা সন্দৰ্ভত ভঙাগড় আৰক্ষীয়ে আজি হাস্পতালখনৰ ১১ জন ঠিকাভিত্তিক কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰিছে। হাস্পতালখনৰ কালি এটি নৱজাতকৰ মৃত্যুৰ ঘটনাৰ বুজ লবলৈ যোৱাৰ সময়ত যোৱা নিশা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক একাংশ ৰোগীৰ আত্মীয়ই হাস্পতালৰ কৰ্মচাৰীয়ে ধন দাবী কৰা বুলি অভিযোগ দাখিল কৰিছিল। মুখ্যমন্ত্রীয়ে লগে লগে এই বিষয়টোৰ তদন্তৰ নিৰ্দেশ দিয়ে। এই অনুসৰি আজি ভঙাগড় আৰক্ষীয়ে অভিযান চলাই ১১ জন কৰ্মচাৰীক গ্ৰেপ্তাৰ কৰে ৷