June 2, 2025 7:55 PM June 2, 2025 7:55 PM

views 7

ভূমিস্খলনত মৃত্যু হোৱা মালিগাঁৱৰ ৰবীন দাস নামৰ লোকজনৰ পৰিয়ালক ৰাজ্য চৰকাৰৰ ৪ লাখ টকাৰ চেক প্ৰদান

গুৱাহাটী মহানগৰীত ভূমিস্খলনত মৃত্যু হোৱা মালিগাঁৱৰ ৰবীন দাস নামৰ লোকজনৰ পৰিয়ালক আজি ৰাজ্য চৰকাৰে ৪ লাখ টকাৰ চেক প্ৰদান কৰে। গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধি, পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু মুখ্যমন্ত্ৰীৰ বিশেষ কর্তব্যৰত বিষয়া হেমন্ত চৌধুৰীয়ে আজি মালিগাঁৱত প্ৰয়াত ৰবীন দাসৰ পত্নীৰ হাতত এই আর্থিক সাহায্যৰ চেক প্ৰদান কৰে। তেওঁলোকে লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। শ্ৰীমতী মেধিয়ে পাহাৰত বসবাস কৰা লোকসকলক প্ৰতিকূল বতৰৰ সময়ত অধিক সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনায়।