March 24, 2025 8:12 PM
13
গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অহা ২৬ আৰু ৩০ মাৰ্চত হ’বলগীয়া আই পি এল ক্রিকেট খেল দুখনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ
অহা ২৬ আৰু ৩০ মাৰ্চত গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত হ'বলগীয়া আই পি এল ক্রিকেট খেল দুখনৰ বাবে প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈছে। এই সন্দৰ্ভত আজি অসম ক্ৰিকেট সন্থা আৰু যান-বাহন শাখাৰ মহানগৰ জিলা আৰক্ষী আয়ুক্তই এখন সংবাদমেলযোগে কেইবাটাও বিশেষ নির্দেশনা জাৰি কৰিছে। তেওঁলোকে প্ৰকাশ কৰা অনুসৰি এইবাৰ দৰ্শকসকলে মুঠ ছখন প্ৰৱেশদ্বাৰেৰে ষ্টেডিয়ামত প্ৰৱেশ কৰিব পাৰিব। প্ৰৱেশদ্বাৰ বিয়লি চাৰে ৪ বজাত মুকলি কৰা হ'ব। দৰ্শকে মোবাইল ফোন আৰু মানিবেগৰ বাহিৰে আন কোনো সামগ্ৰী ষ্টেডিয়ামৰ ভিতৰল...