March 24, 2025 8:10 PM

views 12

গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰং মহললৈ স্থানান্তৰৰ বিৰোধিতাৰে উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েচনৰ অৱস্থান ধৰ্মঘট

গুৱাহাটী উচ্চ ন্যায়ালয় উত্তৰ গুৱাহাটীৰ ৰং মহললৈ স্থানান্তৰৰ বিৰোধিতা কৰি আজি উচ্চ ন্যায়ালয়ৰ বাৰ এছ'চিয়েছনে ন্যায়ালয়ৰ পুৰণি ভৱনৰ সন্মুখত অৱস্থান ধৰ্মঘট পালন কৰে। অলপতে অনুষ্ঠিত সাধাৰণ সভাৰ সিদ্ধান্ত মৰ্মে এছ’চিয়েছনৰ ভালে সংখ্যক সদস্যই আজি দিনৰ ১২ বজাৰ পৰা ২ বজালৈ এই সিদ্ধান্তৰ প্ৰতিবাদত ধ্ৱনি দি অৱস্থান ধৰ্মঘট পালন কৰে। বাৰ এছ'চিয়েছনৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা কমল নয়ন চৌধুৰীয়ে কয়, যে অধিবক্তা সমাজক আস্থা আৰু বিশ্বাসত নলৈ উচ্চ ন্যায়ালয় স্থানান্তৰৰ সিদ্ধান্ত এক পক্ষীয়ভাৱে লোৱা হৈছে...