June 12, 2025 8:34 PM June 12, 2025 8:34 PM

views 7

গুৱাহাটীৰ গান্ধীবস্তি তিনিআলিত সংঘটিত অগ্নিকাণ্ডত ৫০টাৰো অধিক ঘৰ ভস্মীভূত

গুৱাহাটী মহানগৰীৰ চানমাৰিৰ গান্ধীবস্তি তিনিআলিত আজি এটা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত ভালেকেইটা ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ ফলত জুয়ে ভয়াবহ ৰূপ ধাৰণ কৰি ৫০টাৰো অধিক ঘৰ ভস্মীভূত কৰে। অগ্নিনির্বাপক বাহিনীৰ ৪ খনকৈ গাড়ীৰ জৰিয়তে পাছত জুই নুমুওৱা হয়।