November 5, 2025 7:54 PM November 5, 2025 7:54 PM

views 26

৯ নৱেম্বৰত ভাৰতীয় বায়ু সেনা দিৱসত ফ্লাই পাষ্টৰ বাবে গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত নিষেধাজ্ঞা

অহা ৯ নৱেম্বৰত মাছখোৱাৰ লাচিত ঘাটত হ'বলগীয়া ভাৰতীয় বায়ু সেনা দিৱসত ফ্লাই পাষ্টৰ বাবে ৮ আৰু ৯ নৱেম্বৰত গুৱাহাটীত যান-বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা আৰোপ কৰিছে। বাণিজ্যিক সামগ্রী কঢ়িওৱা বাহন তথা অন্য গধুৰ বাহনক এইচ বি ৰোড, এ টি ৰোড, ডি জি ৰোড, এম জি ৰোড, বি বৰুৱা ৰোড, জি এন বি ৰোডত ৮ আৰু ৯ নৱেম্বৰত পুৱা ৭ বজাৰ পৰা বিয়লি ৫ বজালৈ চলাচলৰ অনুমতি দিয়া নহ'ব। সেই সময়খিনিত ঠেলা, ৰিক্সা আদি বাহনক এম জি ৰোডত মাছখোৱাৰ পৰা মুখ্য ন্যায়াধীশৰ বাংলোলৈকে চলাচল কৰাত বাধা আৰোপ কৰা হৈছে। ভাৰতীয় বায়ু স...