August 29, 2025 1:28 PM

views 27

গুৱাহাটী মহানগৰীত বিগত দুদিন ধৰি হোৱা প্ৰৱল বৰষুণত দিছপুৰ, গুৱাহাটী আৰু সোণাপুৰ ৰাজহ চক্ৰৰ মুঠ ২৮ খন গাঁও ক্ষতিগ্ৰস্ত

●● গুৱাহাটী মহানগৰীত বিগত দুদিন ধৰি হোৱা প্ৰৱল বৰষুণত দিছপুৰ, গুৱাহাটী আৰু সোণাপুৰ ৰাজহ চক্ৰৰ মুঠ ২৮ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। কালি সন্ধিয়াৰ ভাগত অহা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানত সোণাপুৰ ৰাজহ চক্ৰৰ অশোক শৰ্মা নামৰ এজন লোকে প্ৰাণ হেৰুৱায়। কৃত্রিম বানত মহানগৰীৰ নমাইল, যোৰাবাট, ঘোঁৰামৰা, ৰুক্মিনীগাঁও, বৰ্ষাপাৰা, অনিল নগৰ, নবীন নগৰ, আমবাৰী, বামুণীমৈদাম, গোটানগৰ আদিকে ধৰি ৩৯ টা স্থান প্লাৱিত হৈছে। ৰুক্মিনী গাঁও, জুৰিপাৰ, অনিল নগৰ, নবীন নগৰ, হাতীগাঁও আৰু গোটানগৰত পৰিস্থিতি জটিল হোৱাৰ বাবে ৰাজ...

May 18, 2025 8:33 PM

views 23

মহানগৰীৰ বান আৰু যান-যটৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে চৰকাৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প ঘোষণা

গুৱাহাটী মহানগৰীৰ দৃশ্যপট সালসলনি কৰাৰ লগতে মহানগৰীৰ বান আৰু যান-যটৰ সমস্যাৰ সৈতে মোকাবিলা কৰাৰ উদ্দেশ্যে চৰকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প ৰূপায়ণৰ দিশে আগবাঢ়িছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টিভংগীৰ সৈতে সংগতি ৰাখি গ্ৰহণ কৰা এই পৰিকল্পনাসমূহৰ বিষয়ে আলোচনা কৰাৰ উদ্দেশ্যে আজি আজি দিশপুৰত এখন বিশেষ সভা অনুষ্ঠিত হয়। সভাত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তথা বিভাগটোৰ বিষয়া, গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ নাৰায়ণ ডেকা আৰু বিভিন্ন সংগঠনৰ প্ৰতি...

August 19, 2024 8:06 PM

views 19

মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে নেডাৰলেণ্ডৰ প্ৰতিষ্ঠানক নলা-নৰ্দমাৰ কামৰ দায়িত্ব অর্পণ

ৰাজ্য চৰকাৰে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান ৰোধৰ বাবে নেডাৰলেণ্ডৰ এটা প্ৰতিষ্ঠানক নলা-নৰ্দমাৰ কামৰ দায়িত্ব অর্পণ কৰিছে বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ত মহাধিবক্তা দেৱজিৎ শ‍ইকীয়াই প্ৰকাশ কৰে। গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে এই সন্দৰ্ভত যোৱামাহত নিবিদা প্ৰকাশ কৰা বুলিও তেওঁ উল্লেখ কৰে। শীঘ্ৰেই বিদেশী প্রতিষ্ঠানটোৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ হ'ব বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে এই সন্দৰ্ভত আজি আদালতত এখন শপতনামাও দাখিল কৰে। গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বান সমস্যা আৰু অবৈধ পাহাৰ খননৰ বিৰুদ্ধে এ...

August 7, 2024 7:48 PM

views 84

গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে বৰ্তমান আৰু ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগক শপতনামা দাখিল কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ

গুৱাহাটী উচ্চ ন্যায়ালয়ে গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে বৰ্তমান আৰু ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত ৰাজ্যৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগক শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিছে। গুৱাহাটী মহানগৰীত হোৱা কৃত্রিম বান সন্দৰ্ভত এটা বেচৰকাৰী সংগঠনে দাখিল কৰা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ আজি শুনানি গ্ৰহণ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণুই আৰু ন্যায়াধীশ সুমন শ্যামৰ খণ্ড বিচাৰপীঠে এই নিৰ্দেশ দিয়ে। খণ্ড বিচাৰপীঠে লগতে গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ বাবে ৰাজ্য ...

August 7, 2024 5:51 PM

views 23

পুনৰ কৃত্ৰিম বানৰ কবলত গুৱাহাটী মহানগৰ

গুৱাহাটী মহানগৰীত আজি বিয়লি ভাগত হোৱা প্ৰৱল বৰষুণৰ ফলত ভালেমান অঞ্চল পুনৰ কৃত্ৰিম বানৰ কবলত পৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মহানগৰীৰ কৃত্ৰিম বানৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰবাসীক সতর্কতা অৱলম্বন কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই প্রয়োজনীয় কাম নহ'লে মহানগৰবাসীক ঘৰৰ পৰা বাহিৰ নহ'বলৈ আহ্বান জনাইছে। ইয়াৰ পূৰ্বে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে গুৱাহাটী মহানগৰীৰ দীৰ্ঘদিনীয়া এই কৃত্রিম বানৰ সমস্যা ৰোধ কৰিবলৈ হ'লে মহানগৰীখনৰ নলা-নৰ্দমাৰ ব্যৱস্থা পূৰ্বতকৈ সম্প্ৰসাৰণৰ প্ৰয়োজন হ'...

July 3, 2024 12:59 PM

views 37

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজৰ যাত্ৰীবাহী ফেৰী সেৱা অনিৰ্দিষ্ট কালৰ বাবে বাতিল

গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত সম্ভাৱ্য বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনে সতর্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে। মহানগৰীখনত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ থকাৰ লগতে ফেৰীঘাটসমূহ কালি পানীত বুৰ যায়। ফাঁচী বজাৰত থকা বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি আৰু কালীপুৰৰ চক্ৰেশ্বৰ মন্দিৰৰ লক্ষ্মী-নাৰায়ণৰ মূৰ্তিৰ ভালেখিনি অংশও বাঢ়নী পানীয়ে ঢাকি ধৰিছে। আনহাতে, ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপজ্জনকভাৱে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আভ্যন্তৰীণ জল পৰিবহন বিভাগে গুৱাহাটী আৰু উ...