September 24, 2024 7:27 PM

views 24

গুৱাহাটীৰ নৰ্দমাসমূহৰ উন্নয়নৰ বাবে পৰিকল্পনা-বিস্তৃত প্রকল্প প্রতিবেদন যুগুতৰ বাবে নেডাৰলেণ্ডছৰ প্ৰতিষ্ঠানক দায়িত্ব

গুৱাহাটী মহানগৰীৰ ভৌগোলিক তথ্য ব্যৱস্থা আধাৰিত নৰ্দমাসমূহৰ উন্নয়নৰ বাবে পৰিকল্পনা আৰু বিস্তৃত প্রকল্প প্রতিবেদন যুগুত কৰাৰ বাবে নেডাৰলেণ্ডছৰ এটা প্ৰতিষ্ঠানক গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে দায়িত্ব অর্পণ কৰিছে। মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যাক লৈ দাখিল হোৱা এখন ৰাজহুৱা স্বার্থজড়িত আবেদনৰ শুনানি গ্রহণ কৰি অসম চৰকাৰে এই তথ্য প্ৰকাশ কৰে। শুনানিকালত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিত শ‍ইকীয়াই আদালতত কয় যে, পৰিকল্পনা আৰু প্ৰকল্প প্রতিবেদন যুগুত কৰাৰ বাবে নেডাৰলেণ্ডছৰ এই প্ৰতিষ্ঠানক দায়িত্ব দিয়া হৈ...