December 31, 2025 8:16 PM
9
মহানগৰীৰ উন্নয়নৰ বছৰজোৰা খতিয়ান মেয়ৰ মৃগেন শৰণীয়াৰ
গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই আজি উজান বজাৰৰ নিগমৰ কাৰ্য্যালয়ত অনুষ্ঠিত এখন সভাত মহানগৰীৰ উন্নয়নৰ বছৰজোৰা খতিয়ান দিয়ে। মহানগৰীৰ উন্নত ৰাস্তা-ঘাট নিৰ্মাণৰ বাবে ২০২৬ বৰ্ষত চৰকাৰে ২৪ কোটি টকা ধাৰ্য্য কৰা বুলি তেওঁ প্ৰকাশ কৰে। বিশুদ্ধ খোৱা পানী যোগানৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা লোৱাৰ উপৰিও ৰেচন কাৰ্ড থকা আর্থিকভাৱে দুৰ্বল লোককসকলৰ মাজত বিনামূলীয়াকৈ খোৱা পানী যোগানৰ সুবিধা প্ৰদান কৰা হ'ব বুলি মেয়ৰগৰাকীয়ে জানিবলৈ দিয়ে। তেওঁ লগতে কয়, যে পৌৰ নিগমে জাৱৰ-জোঠৰ নিষ্কাষণ কেন্দ্ৰ, ফুটপাথৰ সৌন্...