July 13, 2024 8:59 PM

views 14

গুৱাহাটীত ড’নাৰমন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে বৈঠক

দুদিনীয়া ভ্ৰমণসূচীৰে অসম আৰু মেঘালয়লৈ অহা ড’নাৰমন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি গুৱাহাটীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আলোচনাত মিলিত হয়। ফ’ৰ জি তথা ফাইভ জি আৰু উচ্চ গতিসম্পন্ন ইণ্টাৰনেট সেৱা বৃদ্ধিৰে অসমত ডিজিটেল আন্তগাঁথনি উন্নত কৰা, টেলিকম আন্তঃগাঁথনি সেৱাৰ বাবে দক্ষ মানৱ সম্পদ বিকশিত কৰাৰ পথ প্রশস্তকৰণ, বানক্ষতিগ্ৰস্ত এলেকাত নেটৱৰ্ক ক্ষীপ্ৰতাৰে পুনঃসংযোগকৰণ নিশ্চিত কৰাৰ বাবে শেহতীয়া প্ৰযুক্তি গ্রহণকে ধৰি ভালেসংখ্যক গুৰুত্বপূৰ্ণ বিষয়ত মন্ত্ৰী দুগৰাকীয়ে আলোচনাত মিলিত হয়। ...