June 1, 2024 8:08 PM

views 18

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে গঠিত সমিতিৰ সদস্যসকলৰ প্রতিনিধি দলৰ শিশু গৃহ পৰিদৰ্শন আৰু পর্যালোচনা

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে গঠিত সমিতিৰ সদস্যসকলৰ এটা প্রতিনিধি দলে ৰাজ্যৰ বিভিন্ন ঠাইৰ শিশু গৃহ পৰিদৰ্শন কৰি শিশু সুৰক্ষা আৰু নিৰাপত্তাৰ বিভিন্ন দিশ পর্যালোচনা কৰি বিশেষ প্রতিবেদন প্রস্তুত কৰিছে। সমিতিৰ সদস্য ববিতা শ‍ইকীয়া, সুনন্দা দাস আৰু সুবোধ দাসে আজি গোৱালপাৰা জিলাৰ জি ভি এছ শিশু গৃহ পর্যবেক্ষণ কৰে। তদুপৰি তেওঁলোকে কালি মানকাচৰ জিলাৰ বেজা শিশু গৃহ আৰু এটা বিশেষ দত্তক প্রতিষ্ঠান পৰিদর্শন কৰে। তেওঁলোকে শিশু গৃহৰ শিশুসকলৰ অৱস্থাৰ বুজ লোৱাৰ লগতে শিশু ন্যায় আৰু সুৰক্ষা আইন ২০১৫ৰ শুদ...

June 1, 2024 8:02 PM

views 24

ফাঁচীবজাৰ আৰু লাখটকীয়াৰ পৰা নিচাযুক্ত দ্রব্যসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰ আৰক্ষীয়ে আজি অভিযান চলাই ফাঁচীবজাৰ আৰু লাখটকীয়াৰ পৰা নিচাযুক্ত দ্রব্যসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। লোক দুজনৰ পৰা হেবোইন জব্দ কৰা হৈছে। ইপিনে, গোলাঘাট আৰক্ষীয়ে কাৰ্বি আংলং আৰক্ষীৰ সহযোগত আজি নুমলিগড় অঞ্চলৰ দৈগ্ৰঙৰ পৰা এটা আন্তৰাষ্ট্ৰীয় মাদক দ্রব্য সৰবৰাহকাৰী চক্র উৎখাত কৰে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ৭০ টা চাবোনৰ বাকচত লুকুৱাই অনা ৮৫০ গ্ৰামৰো অধিক হেৰোইন জব্দ কৰিছে। জব্দ কৰা হেবোইনখিনিৰ মূল্য প্রায় ২ কোটি টকা বুলি জানিব পৰা গৈছে। হাইলাকান্দি আৰক্ষী আৰু চি আৰ পি এফে য...

June 1, 2024 6:38 PM

views 23

বৰাক উপত্যকাত বানত ক্ষতিগ্রস্ত অঞ্চলত সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে এন ডি আৰ এফৰ অতিৰিক্ত দল প্ৰেৰণ

◊ ৰীমালৰ প্ৰভাৱত সৃষ্টি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্যৰ ১১খন জিলা বানৰ কবলত পৰিছে। বৰাক, কপিলী, কুশিয়াৰা আৰু কাটাখালকে ধৰি কেইবাখনো নৈৰ জলস্তৰ বিপদসীমাৰ ওপৰেৰে বৈ আছে। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য অনুসৰি হাইলাকান্দি, হোজাই, গোলাঘাট, নগাঁও, ধেমাজি, ডিব্ৰুগড়, কৰিমগঞ্জ, কাছাৰ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাৰ মুঠ ২৫টা ৰাজহ চক্ৰৰ অধীনস্থ ৫৬০ খন গাঁও বানত প্লাৱিত হৈছে। এই পর্যন্ত ৰাজ্যৰ মুঠ ৩ লাখ ৪৯ হাজাৰ ৪৫ গৰাকী লোক বানত ক্ষতিগ্রস্ত হৈছে। বানৰ ফলত ৰাজ্যখনত...

June 1, 2024 2:03 PM

views 17

গুৱাহাটীৰ ১০টা স্থানত খোৱাপানীৰ যোগান আঁচনিৰ পাইপ মেৰামতিৰ বাবে আজি আৰু কাইলৈ খোৱাপানী যোগান বন্ধ থাকিব

গুৱাহাটীৰ ১০টা স্থানত খোৱাপানীৰ যোগান আঁচনিৰ পাইপ মেৰামতিৰ বাবে আজি আৰু কাইলৈ খোৱাপানী যোগান বন্ধ থাকিব বুলি গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। পাইপ মেৰামতিৰ বাবে শৰণীয়া, উলুবাৰী, লাচিত নগৰ, গান্ধীবস্তি, বিহাবাৰী, বি কে কাকতি ৰোড, মণিপুৰী বস্তি, বি বৰুৱা ৰোড, কাছাৰী বস্তি আৰু ইছলামপুৰত খোৱাপানীৰ যোগান বন্ধ থাকিব।

May 31, 2024 7:47 PM

views 23

গুৱাহাটীৰ ১০ টা স্থানত ১ আৰু ২ জুনত খোৱাপানী যোগান বন্ধ থাকিব

গুৱাহাটীৰ ১০ টা স্থানত খোৱাপানীৰ যোগান আঁচনিৰ পাইপ মেৰামতিৰ বাবে অহা ১ আৰু ২ জুনত খোৱাপানী যোগান বন্ধ থাকিব। গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই এই কথা প্ৰকাশ কৰিছে। পাইপ মেৰামতিৰ বাবে শৰণীয়া, উলুবাৰী, লাচিত নগৰ, গান্ধীবস্তি, ৰিহাবাৰী, বি কে কাকতি ৰোড, মণিপুৰী বস্তি, বি বৰুৱা ৰোড, কাছাৰী বস্তি আৰু ইছলামপুৰত খোৱাপানীৰ যোগান বন্ধ থাকিব।