September 1, 2024 9:16 PM September 1, 2024 9:16 PM
5
কৃত্ৰিম বানৰ ফলত মহানগৰীৰ জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত
গুৱাহাটী মহানগৰী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত কালি সন্ধিয়াৰ পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানে জনসাধাৰণৰ স্বাভাৱিক জীৱন যাত্ৰা ব্যাহত কৰিছে। মহানগৰীখনৰ জু-ৰোড, ৰুক্মিণীগাঁও, পাঞ্জাবাৰী, কাহিলীপাৰা, নুনমাটি, হাতীগাঁও, বেলতলা পথ, যোৰাবাটকে ধৰি কেইবাটাও মূল পথত পানী জমা হোৱাৰ ফলত জনসাধাৰণৰ আহ-যাহত ভীষণ সমস্যাৰ সৃষ্টি হৈছে। ফলত কোনো কোনো ঠাইত জনসাধাৰণ নিজ গৃহত আবদ্ধ হৈ থাকিবলগীয়া হৈছে। মহানগৰীৰ বিভিন্ন স্থানত পথচাৰীৰ লগতে বিশেষকৈ ক্ষুদ্ৰ ব্যৱসায়ীসকল অধিক সমস্যাৰ সন্মুখীন হৈছে। মেঘালয...