November 24, 2025 9:24 AM

views 22

শিখসকলৰ নৱম গুৰু, গুৰু টেগ বাহাদুৰৰ ৩৫০ সংখ্যক বলিদান দিৱস সমগ্র দেশতে পালন

শিখসকলৰ নৱম গুৰু, গুৰু টেগ বাহাদুৰৰ ৩৫০ সংখ্যক বলিদান দিৱস আজি সমগ্র দেশতে পালন কৰা হ'ব। ১৬৭৫ চনত মোগল সম্রাট ঔৰংজেবৰ আদেশমৰ্মে গুৰু টেগ বাহাদুৰক মৃত্যু দণ্ড দিয়া হৈছিল। গুৰু টেগ বাহাদুৰে দেশৰ বিভিন্ন ঠাইলৈ গৈ গুৰু নানকদেবৰ শিক্ষা প্ৰচাৰ কৰিছিল। তেওঁ ১১৬টা শব্দ আৰু ১৫টা ৰাগ ৰচনা কৰিছিল। তেওঁৰ শিক্ষাসমূহ গুৰু অৰ্জন দেব জীৰ আদি গ্ৰন্থত উল্লেখ কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে বলিদান দিৱস উপলক্ষে গুৰু টেগ বাহাদুৰৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ মানৱীয়তা আৰু সততাৰ প্ৰশংসা কৰে। শ্ৰীমতী মুৰ্মু...

November 24, 2024 11:19 AM

views 18

সমগ্ৰ দেশত নৱম শিখগুৰু টেগবাহাদুৰৰ শ্বহীদ দিৱস পালন

সমগ্ৰ দেশত আজি নৱম শিখগুৰু টেগবাহাদুৰৰ শ্বহীদ দিৱস পালন কৰা হৈছে। ১৬৭৫ চনৰ আজি দিনটোতে গুৰু টেগবাহাদুৰে ধৰ্ম, মানৱীয় প্ৰমূল্য আদৰ্শ আৰু নীতি ৰক্ষাৰ বাবে জীৱন বলিদান দিছিল। গুৰু টেগ বাহাদুৰৰ বলিদানৰ এই দিনটো শ্বহীদ দিৱস হিচাপে পালন কৰা হয় । ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে গুৰু টেগবাহাদুৰৰ শ্বহীদ দিৱস উপলক্ষে শিখ গুৰুগৰাকীলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে এটা বার্তা যোগে কৈছে যে, টেগবাহাদুৰে মানৱতা আৰু ধৰ্ম ৰক্ষাৰ নামত প্ৰাণ আহুতি দিছিল। তেওঁ কয়, যে তেওঁ এগৰাকী মহান আধ্যাত্মি...