July 11, 2025 1:07 PM July 11, 2025 1:07 PM

views 7

গুৰু পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ৰ আউনীআটি বিদ্যা নিকেতনত প্ৰাচীৰ পত্ৰিকা উন্মোচন

● গুৰু পূৰ্ণিমাৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড়ৰ মানকটা লক্ষ্মীনগৰত অৱস্থিত আউনীআটি বিদ্যা নিকেতনত কালি এখন প্ৰাচীৰ পত্ৰিকা উন্মোচন কৰা হয়। আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ দেৱগোস্বামীয়ে গুৰু পূৰ্ণিমাৰ বিশেষত্ব সন্দৰ্ভত ব্যাখ্যা কৰে। শিক্ষানুষ্ঠানখনৰ এখন পত্রিকাও আনুষ্ঠানিকভাৱে উন্মোচন কৰি তেওঁ ছাত্ৰ-ছাত্ৰীসকলক সৃষ্টিশীল কাম-কাজ অব্যাহত ৰাখিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত অঞ্চলটোৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশগ্রহণ কৰে। গুৰু পূর্ণিমা উপলক্ষে শিক্ষানুষ্ঠান...