November 17, 2025 7:49 PM

views 35

আই এছ এছ এফ ৰাইফল আৰু পিষ্টল ৱৰ্ল্ড ছেম্পিয়নশ্বিপত ভাৰতৰ গুৰপ্ৰীত সিঙৰ পুৰুষৰ ২৫ মিটাৰ ইভেণ্টত ৰূপৰ পদক লাভ

ইজিপ্তৰ কাইৰোত চলিত আই এছ এছ এফ ৰাইফল আৰু পিষ্টল ৱৰ্ল্ড ছেম্পিয়নশ্বিপত ভাৰতৰ গুৰপ্ৰীত সিঙে পুৰুষৰ ২৫ মিটাৰ ইভেণ্টত ৰূপৰ পদক লাভ কৰিছে। বিশ্ব ছেম্পিয়নশ্বিপত গুৰপ্ৰীত সিঙৰ দ্বিতীয়টো পদক। ২০১৮ চনতো গুৰপ্ৰীত সিঙে বিশ্ব ছেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিছিল। গুৰপ্ৰীতৰ পদকৰ সৈতে ভাৰতে বিশ্ব ছেম্পিয়নশ্বিপত ৩ টা সোণ, ৬টা ৰূপ, ৪ টা ব্ৰঞ্জসহ ১৩ টা পদকেৰে তৃতীয় স্থান লাভ কৰি অভিযান সমাপ্ত কৰে। বিশ্ব ছেম্পিয়নশ্বিপত প্ৰথম আৰু দ্বিতীয় স্থানত আছে ক্ৰমে চীন আৰু কোৰিয়া৷