January 8, 2025 1:19 PM January 8, 2025 1:19 PM
4
শিৱসাগৱৰত গুণোৎসৱৰ কাৰ্যসূচীৰ অংশ হিচাপে কেইবাখনো বিদ্যালয় পৰিদৰ্শন শিক্ষামন্ত্ৰীৰ
শিক্ষামন্ত্ৰী তথা শিৱসাগৰ জিলাৰ অভিভাৱক মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি জিলাখনত গুণোৎসৱৰ কাৰ্যসূচীৰ অংশ হিচাপে কেইবাখনো বিদ্যালয় পৰিদৰ্শন কৰে। ৬ জানুৱাৰীৰ পৰা অনুষ্ঠিত গুণোৎসৱৰ আজি তৃতীয় দিনৰ কাৰ্যসূচীৰ অংশ হিচাপে আজি শিৱসাগৰ নগৰৰ ২ নম্বৰ টাউন প্রাইমেৰী বালিকা বিদ্যালয়ৰ প্ৰাতঃ সভাত মন্ত্ৰীগৰাকীয়ে ভাগ লয়। তেওঁ এই পৰিদৰ্শন কালত বিদ্যালয়খনৰ আন্তঃগাঁথনি, শৈক্ষিক পৰিৱেশ আৰু পৰিকল্পনাৰ বুজ লয়। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ শিক্ষাখণ্ডৰ অগ্ৰগতি আশানুৰূপ বুলি মন্তব্য কৰি মাতৃভাষ...