January 6, 2025 6:21 PM

views 8

আজিৰে পৰা চলিত বছৰৰ গুণোৎসৱৰ শুভাৰম্ভ

বিদ্যালয়সমূহৰ গুণগত শিক্ষাৰ মান উন্নীতকৰণৰ পদক্ষেপ হিচাপে আজি চলিত বছৰৰ গুণোৎসৱৰ শুভাৰম্ভ কৰা হৈছে। ২০১৭ চনৰ পৰা ৰূপায়ণ কৰা এই কাৰ্যসূচীয়ে পাঁচবাৰকৈ সফলতা লাভ কৰাৰ পাছত আজিৰেপৰা ৭ ফেব্ৰুৱাৰীলৈ তিনিটা পৰ্যায়ত গুণোৎসৱৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীৰ প্ৰথম পৰ্যায়ত আজি ৰাজ্যৰ ১১ খন জিলাৰ ১৬ হাজাৰৰো অধিক বিদ্যালয় সামৰি লোৱা হ'ব। আজি প্ৰথম দিনাৰ কাৰ্যসূচীত বিদ্যালয়সমূহত স্ব-মূল্যায়ন আৰু কাইলৈৰ পৰা ৯ জানুৱাৰীলৈ বহিঃমূল্যায়ন কৰা হ'ব। এই ১১ খন জিলাৰ ১৬ হাজাৰ ৫৬ খন চৰকাৰী প্ৰাদেশিকীকৃত আদর্শ বিদ্...