February 5, 2025 10:41 AM February 5, 2025 10:41 AM
7
ৰাজ্যত গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ প্রথমদিনা ৯,৮১,৫৬৫গৰাকী শিক্ষাৰ্থীৰ স্ব-মূল্যায়ন
ৰাজ্যৰ ১২ হাজাৰ ৩৭৫ খন বিদ্যালয়ক সামৰি অনুষ্ঠিত গুণোৎসৱৰ তৃতীয় পৰ্যায়ৰ কালি প্ৰথম দিনৰ কাৰ্যসূচী সফলভাৱে সম্পন্ন হয়। কালি প্রথমদিনা ৯ লাখ ৮১ হাজাৰ ৫৬৫ গৰাকী শিক্ষাৰ্থীৰ স্ব-মূল্যায়ন কৰা হয়। মাজুলী জিলাৰ ৪৯৬ খন বিদ্যালয়ত গুণোৎসৱৰ স্বমূল্যায়ন কৰা হয়। মাজুলীৰ বিধায়ক ভুৱনগাম, জালুকবাৰী উপ বন সংৰক্ষক বিষয়া দিম্পী বৰা, বশিষ্ঠ উপ-বন সংৰক্ষক বিষয়া শৈলেন দাস আৰু অসম শক্তি বিভাগৰ যুটীয়া সচিব মধুচন্দ্র তালুকদাৰে আজিৰেপৰা বিদ্যালয়সমূহত বহিঃমূল্যায়নত ভাগ ল'ব। উল্লেখযোগ্য যে ডিব্ৰুগড়, বিশ্বনাথ...