January 22, 2025 8:32 PM
31
চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি সামৰণি
চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি সামৰণি পৰে। গুণোৎসৱৰ এই পৰ্যায়ত চৰাইদেউ, ধেমাজি, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, কামৰূপ মহানগৰ, ধুবুৰী, চিৰাং আৰু বাক্সা জিলাৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ বহিঃমূল্যায়ন কৰা হয়।পৰিবহন তথা পার্বত্য এলেকা উন্নয়ন বিভাগৰ মন্ত্ৰী যোগেন মহনে আজি ধেমাজী জিলাত শিক্ষাখণ্ডৰ অন্তৰ্গত নগৰ প্ৰাথমিক বিদ্যালয়ত গুণোৎসৱত অংশ লৈ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে। জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয...