January 22, 2025 12:29 PM

views 14

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন, ৫,৩৬০খন বিদ্যালয়ৰ ৪.৭৪ লাখ শিক্ষাৰ্থীৰ বহিঃমূল্যায়ন

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ আজি অন্তিম দিন। কাৰ্যসূচীৰ দ্বিতীয় দিনা কালি ৰাজ্যৰ ৫ হাজাৰ ৩৬০ খন বিদ্যালয়ৰ ৪ লাখ ৭৪ হাজাৰৰো অধিক শিক্ষাৰ্থীৰ বহিঃমূল্যায়ন কৰা হয়। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই বিষয়ে প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে কালি গুৱাহাটীৰ কাহিলিপাৰাৰ ফাগুনা ৰাভা উচ্চ মাধ্যমিক বিদ্যালয় আৰু লক্ষ্মীনাথ বেজবৰুৱা মধ্য ইংৰাজী বিদ্যালয়ত গুণোৎসৱৰ কাৰ্যসূচীত ভাগ লয়। চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌড়া ব্ৰহ্মই কালি জিলাখনৰ বড়োবজাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, বড়োবজাৰ কস্তুৰবা ব...