January 23, 2025 1:10 PM

views 17

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ সামৰণি, অহা ৪ৰ পৰা ৭ ফেব্ৰুৱাৰীলৈ ১০খন জিলাত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ

চলিত বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ গুণোৎসৱৰ কালি সামৰণি পৰে। গুণোৎসৱৰ এই পৰ্যায়ত চৰাইদেউ, ধেমাজি, গোলাঘাট, হাইলাকান্দি, হোজাই, যোৰহাট, তিনিচুকীয়া, শোণিতপুৰ, পশ্চিম কাৰ্বি আংলং, কামৰূপ মহানগৰ, ধুবুৰী, চিৰাং, তামুলপুৰ আৰু বাক্সা জিলাৰ বিভিন্ন বিদ্যালয় সামৰি লোৱা হয়। এই পৰ্যায়ত ৰাজ্যৰ ১৫ হাজাৰ ৬৫০ খন বিদ্যালয়ত ১৩ লাখ ৮৪ হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক আৰু আনুসাংগিক মূল্যায়ন কৰা হয়। গুণোৎসৱত চৰকাৰী আৰু প্ৰাদেশিকীকৃত বিদ্যালয়সমূহৰ উপৰি চাহ বাগিচা আদৰ্শ বিদ্যালয়, কস্তুৰবা গান্ধী বালিকা বিদ্যালয...