July 30, 2024 7:11 PM

views 13

ৰাজ্যৰ ভূতপূৰ্ব ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াৰ অসমৰ পৰা আনুষ্ঠানিকভাৱে বিদায়

ৰাজ্যৰ ভূতপূৰ্ব ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই আজি অসমৰ পৰা আনুষ্ঠানিকভাৱে বিদায় লয়। বৰঝাৰত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত কাৰ্টাৰীয়াক গার্ড অৱ অ'নাৰেৰে বিদায় জনোৱা হয়। পঞ্জাবৰ ৰাজ্যপাল হিচাপে নিযুক্তি পোৱা কাৰ্টাৰীয়াই অসম এৰাৰ পূৰ্বে অসমৰ জনসাধাৰণে তেওঁক যথেষ্ট মৰম দিয়া বুলি প্ৰকাশ কৰে। লগতে তেওঁ কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত অসমত শান্তি-শৃংখলা অটুট আছে। আনহাতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱাৰ ভাগতে ৰাজভৱনলৈ গৈ ৰাজ্যপাল গুলাব চান্দ ক...