May 20, 2024 8:57 PM

views 22

আহমেদাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ৪টা সন্ত্ৰাসবাদীক আটক

গুজৰাট এণ্টি টেৰ’ৰিষ্ট স্কোৱাডে (এ টি এছ) আহমেদাবাদৰ চৰ্দাৰ বল্লভ ভাই পেটেল আন্তৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ৪টা সন্ত্ৰাসবাদীক আটক কৰিছে। স্থানীয় কৰ্তৃপক্ষই জনোৱা মতে, আটক কৰা আটাইকেইটা সন্ত্ৰাসবাদী শ্ৰীলংকাৰ বাসিন্দা হোৱাৰ লগতে ইছলামিক ষ্টেটৰ সৈতে জড়িত হৈ আছিল। সন্ত্ৰাসবাদী কেইটাই শ্ৰীলংকাৰ পৰা চেন্নাই হৈ আহমেদাবাদলৈ আহিছিল। এ টি এছে সম্প্রতি সন্ত্রাসবাদীকেইটাক সোধা-পোছা অব্যাহত ৰাখিছে। প্ৰাৰম্ভিক তদন্তত জানিব পৰা মতে, সন্ত্ৰাসবাদী কেইটাই পাকিস্তানৰ পৰা আদেশৰ অপেক্ষাত আছিল। চৰকাৰী সূত্ৰত প্ৰকাশ...