April 22, 2024 11:33 AM April 22, 2024 11:33 AM
11
গুজৰাটত লোকসভা নিৰ্বাচনৰ বাবে ৩২৮গৰাকী প্ৰাৰ্থী আৰু বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে ২৭গৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ গ্ৰহণ
গুজৰাটত লোকসভা নিৰ্বাচনৰ বাবে ৩২৮গৰাকী প্ৰাৰ্থী আৰু বিধানসভা উপ-নিৰ্বাচনৰ বাবে ২৭গৰাকী প্ৰাৰ্থীৰ মনোনয়ন-পত্ৰ গ্ৰহণ কৰা হৈছে। ৰাজ্যখনত কালি মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰা হয়। আমাৰ সংবাদদাতাই জনোৱা মতে, চুৰাট সমষ্টিৰ কংগ্ৰেছৰ লোকসভাৰ প্রার্থী নীলেশ কুম্ভানিৰ মনোনয়ন-পত্ৰ সমৰ্থকৰ স্বাক্ষৰ অমিল হোৱাৰ পৰিপ্ৰেক্ষিতত বাতিল কৰা হয়। আনহাতে, কংগ্ৰেছৰ আন এগৰাকী প্ৰাৰ্থী সুৰেশ পাডশালাৰ মনোনয়নো বাতিল হোৱাৰ ফলত চুৰাট আসনখনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰা কংগ্ৰেছ প্রার্থী শূন্য হৈ পৰে। উল্লেখযোগ্য যে, গান্ধীনগৰ ল...