July 15, 2024 6:43 PM

views 23

আহমেদাবাদ-বড়োদাৰা এক্সপ্ৰেছৱেত হোৱা পথ দুৰ্ঘটনাত ৬ লোকৰ মৃত্যু, কেইবাগৰাকীও আহত

গুজৰাটৰ আনন্দৰ সমীপৰ আহমেদাবাদ-বড়োদাৰা এক্সপ্ৰেছৱেত আজি পুৱা সংঘটিত এটা পথ দুৰ্ঘটনাত ছজন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাগৰাকীও ব্যক্তি গুৰুতৰভাবে আহত হয়। আকাশবাণীৰ সংবাদদাতাৰ তথ্য অনুসৰি চিখৰা গাঁৱৰ সমীপত এখন ট্ৰাকে পথৰ দাঁতিত ৰৈ থকা বাছ এখনত খুন্দিওৱাৰ ফলতেই দুর্ঘটনাটো সংঘটিত হয়। উল্লেখযোগ্য যে টায়াৰ ফুটাৰ পৰিপ্ৰেক্ষিতত বাছখন মেৰামতিৰ বাবে পথৰ দাঁতিত ৰখাই থোৱা হৈছিল। আনন্দ গ্রাম্য আৰক্ষীয়ে জনাইছে যে, বাছখনৰ চালকসহ ৫ জন লোকৰ ঘটনাস্থলীতেই মৃত্যু হোৱাৰ বিপৰীতে আন এজন লোকৰ হাস্পতালত চিকিৎসাধীন অৱ...