May 5, 2025 4:49 PM

views 40

গুজৰাট, অন্ধ্ৰ প্ৰদেশ আৰু ওড়িশাত ধাৰাসাৰ বৰষুণ হোৱাৰ আগলি

● ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আজি গুজৰাট, অন্ধ্ৰ প্ৰদেশ আৰু ওড়িশাত ধাৰাসাৰ বৰষুণ হোৱাৰ আগলি বতৰা দিছে । বতৰ বিভাগে কাইলৈলৈকে বিহাৰ, ওড়িশা, হিমাচল প্রদেশ, ঝাৰখণ্ড, জম্মু-কাশ্মীৰ, উত্তৰাখণ্ড, অসম, মণিপুৰ আৰু পশ্চিম বংগত ধুমুহা, বজ্রপাত আৰু ধুমুহা বতাহৰ লগতে মধ্যমীয়া বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছে। সংস্থাটোৱে জনোৱা মতে, কেৰেলা আৰু মাহে অঞ্চলত গৰম আৰু আৰ্দ্ৰ বতৰৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে। পূব ৰাজস্থানৰ কিছু অংশত আজি ধূলিৰ ধুমুহা আহিব পাৰে। বতৰ সংস্থাটোৰ মতে, আজি ছত্তীশগড়, পূব মধ্য প্ৰদেশ,...

March 8, 2025 3:51 PM

views 20

গুজৰাটৰ নৱছাৰি জিলাত লাখপতি দিদি আঁচনিৰ ১০গৰাকী হিতাধিকাৰীৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ মত-বিনিময়

আন্তৰ্জাতিক নাৰী দিৱস উদযাপনৰ লগত সংগতি ৰাখি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গুজৰাটৰ নৱছাৰি জিলাত লাখপতি দিদি আঁচনিৰ ১০গৰাকী হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে। দেশৰ নাৰীসকলৰ মাজত উদ্যমিতা সৃষ্টি আৰু তেওঁলোকৰ আৰ্থিক সবলীকৰণৰ উদ্দেশ্যে প্রধানমন্ত্রী মোডীয়ে ২০২৩চনৰ ১৫ আগষ্টত লাখপতি দিদি আঁচনিৰ শুভাৰম্ভ কৰিছিল। এই আঁচনিৰ অধীনত কৃষি, পশুপালন আৰু ক্ষুদ্র উদ্যোগৰ জৰিয়তে বছৰি কমেও এক লাখ টকা অৰ্জন কৰা আত্মসহায়ক গোটৰ মহিলা সদস্যসকলক লাখপতি দিদি হিচাপে স্বীকৃতি দিয়া হয়। এইসকল মহিলাই চৰকাৰৰ পৰা আর্থি...

January 13, 2025 5:38 PM

views 34

গুজৰাটত আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱ

১১ জানুৱাৰীত গুজৰাটত আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় চিলা মহোৎসৱত ৪৭খন দেশৰ ১৪৩ গৰাকী চিলা উৰুওৱা ব্যক্তিয়ে অংশ লৈছে। আহমেদাবাদৰ সবৰমতী নৈৰ পাৰত চিলা উৰুৱাই ৰাজ্যখনৰ মুখ্যমন্ত্রী ভূপেন্দ্ৰ পেটেলে শনিবাৰে উৎসৱৰ শুভাৰম্ভ কৰে। "সাৱধানতাৰে বৰ্তি থকা" শীর্ষক বিষয় লৈ অনুষ্ঠিত এই মহোৎসৱত ১১খন দেশৰ ৰাষ্ট্ৰদূত আৰু ১১খন ৰাজ্যৰ ৫২ গৰাকী ব্যক্তিয়ে অংশগ্রহণকাৰীয়ে অংশগ্ৰহণ কৰিছে। গুজৰাটৰ ১১খন চহৰৰ ৪১৭ জন চিলা উৰুৱাই ভাল পোৱা লোকেও এই উৎসৱত নিজৰ কৌশল প্ৰদৰ্শন কৰিছে। আহমেদাবাদ, বদোদৰা, চুৰাট, ৰাজকোট, ধোৰদো, শিৱৰাজপুৰ...

November 12, 2024 8:33 AM

views 32

গুজৰাটৰ বানছকান্থা জিলাৰ ভৱ বিধানসভা উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ সামৰণি

গুজৰাটৰ বানছকান্থা জিলাৰ ভৱ বিধানসভা আসনৰ বাবে হ'বলগীয়া উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযানৰ কালি সামৰণি পৰে। উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি আৰু কংগ্ৰেছৰ জ্যেষ্ঠ নেতাসকলে জোৰদাৰ প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি সমষ্টিটোত দহ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে যদিও বিজেপি নেতা স্বৰূপজি ঠাকুৰ, কংগ্ৰেছৰ গুলাব সিং ৰাজপুত আৰু নিৰ্দলীয় প্ৰাৰ্থী মাৱজী পেটেলৰ মাজতে মূল নির্বাচনী যুঁজ হোৱাৰ সম্ভাৱনা আছে। সমষ্টিটোত কাইলৈ ভোটগ্ৰহণ কৰা হ'ব আৰু ২৩ নৱেম্বৰত ভোট গণনা কৰা...

April 29, 2024 6:35 PM

views 41

গুজৰাটৰ পোৰবন্দৰত পাকিস্তানী নাৱৰ পৰা ৬০০ কোটি টকা মূল্যৰ ৮৬ কিলোগ্রাম মাদক দ্রব্য জব্দ, ১৪জন লোকক গ্ৰেপ্তাৰ

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাটৰ পোৰবন্দৰত এটা যুটীয়া অভিযানত এখন পাকিস্তানী নাৱৰ পৰা ৬০০ কোটি টকা মূল্যৰ ৮৬ কিলোগ্রাম মাদক দ্রব্য জব্দ কৰাৰ লগতে ১৪জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি ভাৰতীয় উপকূলৰক্ষী বাহিনী, গুজৰাট সন্ত্ৰাসবাদ বিৰোধী গোট আৰু মাদকদ্রব্য নিয়ন্ত্ৰণ ব্যুৰ’ৱে যৌথভাৱে নিশা এই অভিযান চলায়। অভিযানত আটক হোৱা লোককেইজনৰ সৈতে পাকিস্তানী নাওখন অধিক অনুসন্ধানৰ বাবে পোৰবন্দৰলৈ লৈ অহা হয়। উল্লেখযোগ্য যে, ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ লগতে আন সংস্থাসমূহে বিগত তিনি বছৰৰ...