April 14, 2025 8:18 PM

views 11

আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সীমান্তৰেখাৰ সমীপত ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে এখন জাহাজ জব্দ কৰে

ভাৰতীয় উপকূলৰক্ষী বাহিনীয়ে গুজৰাট সন্ত্ৰাসবাদ বিৰোধী স্কোৱাদৰ সৈতে চলোৱা এটা গুৰুত্বপূৰ্ণ মাদক দ্রব্য বিৰোধী অভিযানত ১৮০০ কোটি টকা মূল্যৰ ৩শ কেজিৰো অধিক মেথামফেটামাইন জব্দ কৰে। উপকূলৰক্ষী বাহিনীয়ে গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই যোৱা নিশা আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সীমান্তৰেখাৰ সমীপত এখন জাহাজ জব্দ কৰে। জাহাজখনত থকা সন্দেহযুক্ত লোককেইজনে মাদক দ্রব্যখিনি সাগৰত পেলাই দিয়ে আৰু পলাই যাবলৈ সক্ষম হয়। অৱশ্যে উপকূলৰক্ষী বাহিনীয়ে মাদক দ্রব্যখিনি উদ্ধাৰ কৰে আৰু তদন্তৰ বাবে পোৰবন্দৰলৈ লৈ যায়।