April 1, 2025 7:58 PM

views 10

গুজৰাটৰ ফটকা কাৰখানাত সংঘটিত হোৱা অগ্নিকাণ্ডত ১০জনৰো অধিক লোকৰ মৃত্যু

গুজৰাটৰ বানাস্কান্থ জিলাৰ এটা ফটকা কাৰখানাত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত ১০ জনৰো অধিক লোকৰ মৃত্যু হয়। উল্লেখযোগ্য যে, কাৰখানাটোত হোৱা বিস্ফোৰণৰ ফলত অট্টালিকাটোৰ কিছু অংশৰ ধ্বংসস্তুপৰ মাজত কেইবাজনো শ্রমিক আৱদ্ধ হৈ পৰে। জিলা আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে অগ্নিনির্বাপক বাহিনীয়ে জুই নির্বাপন কৰিবলৈ সক্ষম হৈছে যদিও ধ্বংসস্তুপত আৱদ্ধ হৈ থকা শ্ৰমিক সকলক উদ্ধাৰ অভিযান বর্তমানে ও অব্যাহত আছে।