August 23, 2025 8:05 PM August 23, 2025 8:05 PM
1
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৪গৰাকী গৱেষকৰ উদ্ভিদৰ পৰা চিকিৎসাত ব্যৱহৃত সামগ্ৰী প্ৰস্তুত কৰি ভাৰতীয় পেটেণ্ট কাৰ্যালয়ৰ পৰা অনুমোদন লাভ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ চাৰিগৰাকী গৱেষকে মেদ বহুলতা আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন জটিলতাৰ সমাধানৰ বাবে বিভিন্ন উদ্ভিদৰ পৰা চিকিৎসাত ব্যৱহৃত সামগ্ৰী প্ৰস্তুত কৰি ভাৰতীয় পেটেণ্ট কাৰ্যালয়ৰ পৰা অনুমোদন লাভ কৰিছে। গবেষক ড° মানস দাস, প্রীতিমণি দাস, ড° প্ৰাঞ্জন বৰ্মন আৰু ড° নৱ কুমাৰ হাজৰিকাই এই পেটেণ্টৰ অনুমোদন লাভ কৰে। এই গৱেষকসকলে ফিলানথাছ ইউৰিনেৰিয়া আৰু আধাতোডা ভেছিকা নামৰ উদ্ভিদ প্রজাতিৰ লগত পানী মিহলাই ইথানল মিশ্ৰণ ব্যৱহাৰ কৰি এবিধ চিকিৎসাত ব্যৱহৃত দ্রব্য প্রস্তুত কৰিছিল। নিগনিৰ ওপৰত এই দ্রব্য ...