June 29, 2024 9:05 PM June 29, 2024 9:05 PM

views 10

গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত স্নাতক পৰীক্ষাত নম্বৰ জালিয়াতিত জড়িত থকাৰ অভিযোগত ৮জন লোকক আটক

গুৱাহাটী বিশ্ববিদ্যালয়ত সংঘটিত স্নাতক পৰীক্ষাত নম্বৰ জালিয়াতিত জড়িত থকাৰ অভিযোগত অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ আৰু বৰপেটাৰোড আৰক্ষীয়ে ৮জন লোকক আটক কৰিছে। লোককেইজনক বৰপেটা, ধুবুৰী, নগাঁও আৰু গুৱাহাটীৰ পৰা আটক কৰা হৈছে। বৰ্তমান বৰপেটাৰোড থানাত লোককেইজনক জেৰা কৰি থকা হৈছে। আটকাধীন লোককেইজনৰ সন্দৰ্ভত আৰক্ষীয়ে আনুষ্ঠানিকভাৱে কোনো তথ্য সদৰী কৰা নাই।