October 22, 2025 8:19 PM

views 120

জি এছ টি সঞ্চয় উৎসৱৰ পৰা উপকৃত হৈছে সমাজৰ সকলো শ্ৰেণীৰ লোক

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰা আৰু যোৱা ২২ ছেপ্তেম্বৰৰ পৰা সমগ্ৰ দেশত ৰূপায়ণ হোৱা সামগ্রী আৰু সেৱা কৰ জি এছ টি সঞ্চয় উৎসৱৰ পৰা সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হৈছে। চৰকাৰে জনসাধাৰণক সকাহ প্রদানৰ উদ্দেশ্যে স্বাস্থ্য সেৱা খণ্ডত আৰোপিত কৰ যথেষ্ট হ্রাস হৈছে। চৰকাৰে পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰৰ অধীনত কৰ্কট আৰু পুৰণি ৰোগৰ চিকিৎসাত ব্যৱহৃত ৩৬ বিধ জীৱনৰক্ষী ঔষধৰ ওপৰত আৰোপিত কৰ সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰিছে। ইয়াৰ ফলত স্বাস্থ্য বীমা ধাৰকসকলৰ ব্যয় হ্রাস পাইছে আৰু সমগ্র দেশত স্বাস্থ্য সেবা গ্রহণ...