September 6, 2025 9:22 PM
13
পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ সংস্কাৰেৰে মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালসমূহক সকাহ প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰঃ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱা কৰ জি এছ টিৰ সংস্কাৰেৰে মধ্যবিত্ত শ্ৰেণীৰ পৰিয়ালসমূহক সকাহ প্ৰদান কৰা বুলি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীবৈষ্ণৱে কয় যে জি এছ টিৰ সংস্কাৰে দেশৰ মুঠ ঘৰুৱা উৎপাদনত প্ৰায় ২০ লাখ কোটি টকাৰ সংযোজন কৰিব আৰু ইয়াৰ ফলত দেশত অৰ্থব্যৱস্থা অধিক টনকিয়াল হ'ব বুলি আশা কৰা হৈছে৷ শ্রীবৈষ্ণৱে কয় যে ২০১৪ চনৰ পূৰ্বে সাধাৰণ ৰাইজ জটিল কৰৰ বোজা বহন কৰিবলগীয়া হৈছিল। বৰ্তমা...