September 3, 2025 12:24 PM

views 14

নতুন দিল্লীত সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ ৫৬ সংখ্যক বৈঠক

নতুন দিল্লীত আজি সামগ্ৰী আৰু সেৱা কৰ পৰিষদৰ ৫৬ সংখ্যক বৈঠক আৰম্ভ হ'ব। কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে এই দুদিনীয়া বৈঠকৰ অধ্যক্ষতা কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত স্বাধীনতা দিৱসৰ দিনা কৰা ঘোষণা অনুসৰি এইবেলি বৈঠকত ভাৰতৰ পৰৱৰ্তী প্ৰজন্মৰ সামগ্ৰী আৰু সেৱাকৰ সংস্কাৰ সন্দৰ্ভত বিশেষ আলোচনা কৰা হ'ব বুলি আশা কৰা হৈছে। এই সংস্কাৰে সাধাৰণ জনতা, কৃষক, মধ্যবিত্ত শ্ৰেণীৰ লোক, অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ বাবে সকাহ আনিব বুলি শ্রীমোদীয়ে ইতিমধ্যে উল্লেখ কৰিছে।

December 21, 2024 8:32 PM

views 20

জয়ছেলমাৰত সামগ্ৰী আৰু সেৱা কৰ পৰিষদ জি-এছ-টিৰ ৫৫ সংখ্যক বৈঠক অনুষ্ঠিত

কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমনৰ অধ্যক্ষতাত আজি ৰাজস্থানৰ জয়ছেলমাৰত সামগ্ৰী আৰু সেৱা কৰ পৰিষদ জি-এছ-টিৰ ৫৫ সংখ্যক বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ অন্তত সংবাদ মেল সম্বোধন কৰি বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে জটিল ৰোগৰ বাবে গ্ৰহণ কৰা জীৱনৰক্ষী ব্যৱস্থাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ জিন থেৰাপী সামগ্ৰী আৰু সেৱা কৰৰ আওতাৰ বাহিৰত ৰখা হৈছে। ১৯০৪ চনৰ নিয়ম অনুসৰি শ্ৰেণীভুক্ত কৰা পুষ্টিকৰ উপাদানসমৃদ্ধ চাউলৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে ক্ষ...

September 10, 2024 1:07 PM

views 22

বিভিন্ন ঔষধৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ ১২ পৰা ৫ শতাংশলৈ হ্ৰাস

সামগ্ৰী আৰু সেৱা কৰ পৰিষদে কৰ্কট ৰোগৰ চিকিৎসাত ব্যৱহৃত বিভিন্ন ঔষধৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱা কৰ ১২ শতাংশৰ পৰা ৫ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত পৰিষদৰ ৫৪ সংখ্যক বৈঠকত কালি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে অধ্যক্ষতা কৰা এই বৈঠকত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰী আৰু বিভিন্ন ৰাজ্যৰ বিত্ত মন্ত্ৰীসকলে অংশগ্রহণ কৰে। বৈঠকৰ অন্তত শ্ৰীমতী সীতাৰমণে সংবাদ মাধ্যমৰ আগত কয় যে, কৰ্কট ৰোগৰ চিকিৎসা ব্যয় হ্ৰাস কৰাৰ বাবে ইয়াৰ চিকিৎসাত ব্যৱহৃ...