November 21, 2025 11:01 AM

views 23

সমগ্ৰ দেশত জি এছ টি সঞ্চয় উৎসৱ আৰম্ভ

নৰেন্দ্ৰ মোদী চৰকাৰে বিভিন্ন ক্ষেত্ৰৰ ওপৰত আৰোপিত সামগ্ৰী আৰু সেৱাকৰ জি এছ টি হ্ৰাস কৰাৰ পাছত ২২ ছেপ্তেম্বৰৰ পৰা জি এছ টি সঞ্চয় উৎসৱ আৰম্ভ হৈছে। ইয়াৰ পৰা সমগ্ৰ দেশৰ জনসাধাৰণ উপকৃত হৈছে। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে কৃষিখণ্ডৰ বাবেও সকাহ কঢ়িয়াই আনিছে। কৃষিৰ উৎপাদন ব্যয়, কৃষিকাৰ্যত ব্যৱহৃত আহিলাপাতি আৰু আনুসাংগিক কাম-কাজৰ ক্ষেত্ৰত কৰৰ বোজা লাঘব কৰা হৈছে আৰু ইয়াৰ ফলত দেশৰ লাখ লাখ খেতিয়কৰ বাবে কৃষি কাৰ্য সুচল হৈ উঠিছে। বহনসাধ্য সাৰৰ উপলভ্যতা সুনিশ্চিত কৰাৰ উদ্দেশ্যে এমনিয়া, ছালফিউৰিক এছ...