October 6, 2025 1:10 PM
37
নতুন জি এছ টিৰ সংস্কাৰে অসমৰ বিভিন্ন খণ্ডক সকাহ দিয়াৰ সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বিশেষ প্রতিবেদন
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২২ ছেপ্টেম্বৰত ঘোষণা কৰা জি এছ টি সঞ্চয় উৎসৱে সমাজৰ সকলো শ্ৰেণীৰ লোকক উপকৃত কৰিছে। নতুন জি এছ টিৰ সংস্কাৰে অসমৰ বিভিন্ন খণ্ডক কিদৰে সকাহ দিছে সেই সন্দৰ্ভত আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বিশেষ প্রতিবেদন– নতুন জি এছ টিৰ সংস্কাৰে অসমৰ বয়ন শিল্পী, কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলক বৃহৎ সকাহ দিছে। সংশোধিত ৰেহাইৰ জৰিয়তে ৰাজ্যখনৰ কেতবোৰ আঞ্চলিক আৰু পাৰম্পৰিক সামগ্ৰীৰ কৰ হ্ৰাস হৈছে। পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি সংস্কাৰে বিশেষকৈ অসমৰ চাহ উদ্যোগক উপকৃত কৰিছে৷ এই খ...