November 17, 2024 11:09 AM

views 33

আমেৰিকাৰ স্পেচএক্সৰ জৰিয়তে মঙলবাৰে উৎক্ষেপণ কৰা হব ভাৰতৰ উপগ্রহ GSAT-20

ভাৰতৰ যোগাযোগ উপগ্রহ GSAT-20 আমেৰিকাৰ উদ্যোগপতি ইলন মাস্কৰ স্পেচএক্সৰ জৰিয়তে মঙলবাৰে আমেৰিকাৰ কেপ কানাভেৰালৰ পৰা উৎক্ষেপণ কৰা হব। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ এছ সোমনাথে প্রকাশ কৰা মতে স্পেচএক্সৰ ফেলকন-9 নামৰ ৰকেটটোৰ জৰিয়তে ইছৰোৰ GSAT-20 নামৰ কৃত্ৰিম উপগ্ৰহটো উৎক্ষেপণ কৰা হ'ব। উপগ্ৰহটো ১৪ বছৰলৈকে কাৰ্যক্ষম হৈ থাকিব বুলি আশা কৰা হৈছে। এই উপগ্ৰহটোৰ জৰিয়তে দুর্গম অঞ্চলত ইণ্টাৰনেট সংযোগকে ধৰি সমগ্ৰ ভাৰততে যোগাযোগৰ অনান্য গুৰুত্বপূৰ্ণ সেৱা আৰম্ভ কৰিব পৰা হ'ব বুলি আশা কৰা হৈছে। উল্লেখযোগ্য...