April 9, 2024 8:20 PM

views 30

গ্ৰীণ ফিল্ড বিমান বন্দৰৰ নিৰ্মাণৰ ক্ষেত্ৰত উপযুক্ত পাৰিপাৰ্শ্বিক অৱস্থা বজাই ৰখাৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

উচ্চতম ন্যায়ালয়ে কাছাৰৰ দ'লু চাহ বাগিচাত গ্ৰীণ ফিল্ড বিমান বন্দৰৰ নিৰ্মাণৰ ক্ষেত্ৰত উপযুক্ত পাৰিপাৰ্শ্বিক অৱস্থা বজাই ৰখাৰ নিৰ্দেশ দিয়ে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত তিনিজনীয়া বিচাৰপীঠে প্ৰস্তাৱিত গ্ৰীণ ফিল্ড বিমান বন্দৰ এলেকাত কোনোধৰণৰ পাৰিপাৰ্শ্বিক প্ৰভাৱৰ মূল্যায়ন নকৰাকৈ কিদৰে চাহ গছ উভালি পেলোৱা হ'ল সেই সন্দৰ্ভত অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে। আদালতে শুনানি গ্রহণৰ সময়ত এই বিমান বন্দৰ সন্দৰ্ভত কেন্দ্ৰ, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰ্যালয়ৰ উপৰি সংশ্লিষ্ট সকলো পক...