March 26, 2025 8:10 PM

views 38

সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰক গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ জামিন মঞ্জুৰ

গুৱাহাটীত কালি গ্ৰেপ্তাৰ কৰা পোৰ্টেল চেনেলৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক আজি কিছু সময়ৰ পূৰ্বে গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে জামিন মঞ্জুৰ কৰিছে। সাংবাদিকগৰাকীৰ বিৰুদ্ধে ভাৰতীয় ন্যায় সংহিতাৰ ১১০/২৫ আৰু ১১১/২৫ ধাৰাত ৰুজু কৰা দুটা গোচৰৰ জামিন আবেদনৰ বিপক্ষে চৰকাৰী পক্ষই আগবঢ়োৱা যুক্তি পতিয়নযোগ্য নহয় বুলি আদালতে মত প্ৰকাশ কৰে আৰু তেওঁৰ বিৰুদ্ধে জামিন মঞ্জুৰ কৰে। অৱশ্যে জামিনৰ বাবদ ২০ হাজাৰ টকা আদায় দিব নোৱৰা হেতুকে সাংবাদিকগৰাকীয়...

March 26, 2025 1:34 PM

views 28

গুৱাহাটীৰ এটা প’ৰ্টেল চেনেলৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদকক গ্ৰেপ্তাৰ, প্ৰেছ ক্লাবত প্ৰতিবাদ

গুৱাহাটীৰ এটা প’ৰ্টেল চেনেলৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক আৰক্ষীয়ে কালি গ্ৰেপ্তাৰ কৰে। সাংবাদিকজনৰ গ্ৰেপ্তাৰৰ বিৰোধিতা কৰি আজি গুৱাহাটী প্ৰেছ ক্লাবত সাংবাদিকসকলে প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। বিভিন্ন সংবাদ মাধ্যমৰ সাংবাদিকসকলে ক'লা বেজ পৰিধান কৰি এই প্ৰতিবাদী কাৰ্যসূচীত ভাগ লয়। সাংবাদিকসকলে গ্রেপ্তাৰ কৰা ঘটনাৰ গৰিহণা দি আৰক্ষীৰ ভূমিকা সন্দৰ্ভত প্রশ্ন উত্থাপন কৰে। কালি পাণবজাৰ আৰক্ষীয়ে সাংবাদিকগৰাকীক গুৱাহাটীৰ পাণবজাৰৰ এপেক্স বেংকৰ কাৰ্যাল...