June 17, 2025 9:50 AM
6
দেশৰ বিভিন্ন অঞ্চলত ২,০০০টা মটৰ চালনা প্রশিক্ষণ কেন্দ্ৰ মুকলি কৰাৰ সিদ্ধান্ত চৰকাৰৰ
চৰকাৰে দেশৰ বিভিন্ন অঞ্চলত দুহেজাৰটা মটৰ চালনা প্রশিক্ষণ কেন্দ্ৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত আয়োজিত এটা অনুষ্ঠানত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰীয়ে কয়, যে এই প্ৰশিক্ষণ কেন্দ্ৰসমূহ দেশৰ পিছপৰা আৰু জনজাতীয় অঞ্চলসমূহত মুকলি কৰা হ'ব। এই অঞ্চলসমূহৰ যুৱক-যুৱতীসকলে ইয়াৰ ফলত নিয়োগৰ সুবিধাও লাভ কৰিব বুলি তেওঁ প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয়, যে দেশত সম্প্রতি প্রায় ২২ লাখ গাড়ী চালকৰ অভাৱ আছে আৰু এই কেন্দ্ৰসমূহে প্রশিক্ষণপ্রাপ্ত গাড়ীচালকৰ অভাৱ দূৰ কৰাত সহায়...