May 16, 2025 11:20 AM

views 10

চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণ-পত্ৰ বৈধ নথি নহয়ঃ উচ্চ শিক্ষা বিভাগ

চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ বিনামূলীয়া নামভৰ্তিৰ ক্ষেত্ৰত এতিয়াৰে পৰা পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণ পত্ৰ বৈধ নথি হিচাপে গ্ৰহণ কৰা নহ'ব বুলি অসম চৰকাৰ উচ্চ শিক্ষা বিভাগে জানিবলৈ দিছে। এই সন্দৰ্ভত জাৰি কৰা শেহতীয়া নিৰ্দেশনা অনুযায়ী বিনামূলীয়া নামভৰ্তিৰ যোগ্যতা বিবেচনা কৰাৰ ক্ষেত্ৰত একমাত্ৰ ৰেচন কাৰ্ডহে নথি হিচাপে গণ্য কৰা হ'ব। শিক্ষাৰ্থীগৰাকীৰ ৰেচন কাৰ্ড নাথাকিলে পিতৃ-মাতৃৰ ৰেচন কাৰ্ড বিনামূলীয়া নামভৰ্তিৰ বাবে প্রযোজ্য হ'ব।