August 14, 2024 12:17 PM

views 34

লালকিল্লাত স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ মহিলা প্রতিনিধিকে ধৰি দেশৰ ৪০০গৰাকী প্ৰতিনিধিক বিশেষ অতিথি হিচাপে আমন্ত্রণ

কেন্দ্ৰীয় চৰকাৰে দিল্লীৰ লালকিল্লাত আয়োজিত ৭৮সংখ্যক স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ পঞ্চায়তীৰাজ প্ৰতিষ্ঠানৰ মহিলা প্রতিনিধিকে ধৰি সমগ্ৰ দেশৰ ৪০০গৰাকী প্ৰতিনিধিক বিশেষ অতিথি হিচাপে আমন্ত্রণ জনাইছে। ইপিনে, পঞ্চায়তীৰাজ মন্ত্ৰালয়ে আজি নতুন দিল্লীত পঞ্চায়তৰ নেত্ৰীসকলৰ বাবে এখন ৰাষ্ট্ৰীয় কৰ্মশালাৰ আয়োজন কৰিছে। এই কৰ্মশালাত পঞ্চায়তত নেত্ৰীসকলৰ প্ৰত্যাহ্বান আৰু সুযোগ, সাফল্যগাথা আৰু স্থানীয় প্ৰশাসনত মহিলাৰ অংশগ্রহণ বৃদ্ধিৰ ৰণনীতি সম্পৰ্কে আলোচনা কৰা হ'ব। স্বাধীনতা দিৱসৰ অনুষ্ঠানলৈ আমন্ত্রণ জনোৱা সক...